ডি জি পি ভাস্কৰ জ্যোতি মহন্ত কাৰ্যালয়ৰ পৰা পদত্যাগ কৰাৰ সময়ত ভাতৃ শ্যামকানুৰ বিৰুদ্ধে আৰ টি আই দাখিল কৰে

Share

পদত্যাগ কৰিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ  জ্যোতি মহন্ত।তেওঁ ২০২৩ চনত অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল এই পদ তেওঁ ত্যাগ কৰে।

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তৰ জ্যোষ্ঠ ভাতৃ ভাক্সৰ জ্যোতি মহন্ত বিগত সময়চোৱাত শ্যামকানুৰ বিৰুদ্ধে বহুকেইখন  RTI দাখিল কৰা হৈছে।তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাস্কৰজ্যোতি মহন্তক পদত্যাগৰ পৰামৰ্শ দিছিল বুলি জানিব পৰা গৈছে।ইয়াৰ পাছতে ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ পত্ৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যলৈ প্ৰেৰণ কৰে।

এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ঠ দিছে ভাস্কৰজ্যোতি মহন্তই।তেওঁ লিখে যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ লোৱাৰ পিছতে মই ২০২৩ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিলো।আৰক্ষী বিষয়া হিচাপে যেতিয়া যি দায়িত্ব পাইছিলো, সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে নতুন চিন্তাৰে কিবা এটা কৰাৰ যত্ন কৰাৰ দৰেই মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব লৈয়ো মই কিছু নতুনত্ব অনাৰ চেষ্ঠা কৰিছিলো।

 

Leave a Reply

Your email address will not be published. Required fields are marked *